গানে কি আনে
গানে কি আনে সুৰৰ সোপানে সোপানে
গানে কি আনে ডাৱৰৰ কাণে কাণে
ৰামধেনুৰ শিতানে শিতানে ।।
সৌ আকাশৰ ঢৌ তোলা
জোনাকৰ গানে
সৌ পথাৰৰ থোৰ মেলা
কুমলীয়া ধানে
জানে জানে?
গানে কি আনে কি সানে
সুৰৰ সোপানে সোপানে ।
গানে শাওনৰ আকাশৰ দৰে কান্দে
গানে ৰূপহী বিজুলীৰ চমকেৰে হাঁহে ।
গানে কি আনে কি সানে
সুৰৰ সোপানে সোপানে
ৰামধেনুৰ শিতানে শিতানে ।।
Watch Video Here :
No comments:
Post a Comment